কবিতা দেৱী
ভাৰতত ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ক আজিৰ পৰা ‘ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা’ নহয় ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ বুলি কোৱা হ’ব।
এই বঁটা বিজয়ী সকলক এটি পদক, এখন সন্মান পত্ৰ আৰু নগদ ২৫ লাখ টকাৰে সন্মানিত কৰা হয়। এই বঁটা প্ৰথম পাইছিল দবা খেলুৱৈ বিশ্বনাথন আনন্দে। আজিলৈকে এই বঁটা শচীন টেণ্ডুলকাৰ, মেৰী কম, অভিনৱ বিন্দ্রা, ৰাজ্যৱৰ্ধন সিং ৰাথোড়, মহেন্দ্ৰ সিং ধনী, ছাইনা নেহৱাল, এইবাৰ অলিম্পিক ৰূপৰ পদক পোৱা চাইখম মীৰাবাই চানু, বিৰাট কোহলি, ৰোহিত শৰ্মা আদি খেলুৱৈ সকলে লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটা প্ৰথম ১৯৯১-৯২ চনত প্ৰদান কৰা হৈছিল।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা আমাৰ অসমৰ লাভলীনা বৰগোহাঞিয়েও এইবাৰ ‘মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা’ পোৱা সম্ভৱনা প্ৰকট।