আজি দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক ৰাজেন গোহাঁইৰ

Share

ভাৰতীয় জনতা পাৰ্টীত বৰ্তমান সংঘাতে সংঘাত। যোৱা কিছুদিন আগত ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে নগাঁও লোকসভা সমষ্টিৰ সীমানিৰ্ধাৰণৰ প্ৰতিবাদত যোগান অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল। 

তাৰ পাছতে আজি দিল্লীলৈ ৰাওঁনা হৈছে অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ ৰাজেন গোহাঁই। ৰাজ্যিক বিজেপিৰ বিসম্বাদৰ বাৰ্তা লৈ দিল্লী পালেগৈ গোহাঁই। সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিৰোধিতা কৰি অভিযোগ উত্থাপন কৰিছিল। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰে নগাঁও লোকসভা সমষ্টিটো আজমলৰ সৈতে মিত্ৰতা কৰি সংখ্যালঘু কৰিব বিচাৰিছে। 

মুখ্যমন্ত্ৰীক নেতৃত্বক লৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজেন গোহাঁইয়ে। আনকি ৰাজ্যিক বিজেপিত জেষ্ঠ নেতা হোৱাৰ পাছতো অৱহেলিত হোৱাৰ কথা উল্লেখ কৰিছে। এই মন্তব্যৰ পিছতে বিজেপিত বিতৰ্ক হৈ ধুমুহাৰ সৃষ্টি হৈছে ভিতৰচৰাত। 

তাৰ পাছতে বিসম্বাদৰ বিতৰ্কৰ মাজত সুমাইছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাজেন গোহাঁইক সমালোচনা কৰিবলৈ গৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বয়সক লৈ তাৎচিল্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই। আনকি গোহাঁইক কাৰ্যলয়ৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে বুলিও কোৱাৰ অভিযোগ আনিছে। তাৰ পাছতে জ্বলি থকা জ্বইকুৰা দিল্লীলৈ বিয়পিছিল। মুখ্যমন্ত্ৰীৰ অনুৰোধত আজি অমিত শ্বাহৰে বৈঠকত মিলিত হ’ব ৰাজেন গোহাঁই। পৰৱৰ্তীসময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কেনে ব্যৱস্থা ল’ব আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভৱিষ্যত কি হ’ব সেয়া লক্ষ্যণীয়।  

Leave a Reply

Your email address will not be published. Required fields are marked *