ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া টেষ্ট মেচত পাঁচখন খেলৰ ভিতৰত প্ৰথম দুখন মেচৰ বাবে বিৰাট কোহলীৰ ঠাইত ৰজত পাতিদাৰক অংশগ্ৰহণ কৰিবলৈ বিচিচি আইৰ নিৰ্বাচকসকলে অনুমতি প্ৰদান কৰিছে।খবৰ অনুসৰি,বিৰাট কোহলীয়ে ব্যক্তিগত কাৰণত প্ৰথম দুখন মেচত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবেই ৰজত পাতিদাৰক কোহলীৰ অনুপস্হিতিত খেলখন আগবঢ়াই নিয়াৰ সুবিধা লাভ কৰিছিল।অৱশ্যে তৃতীয় মেচৰ পৰা কোহলী দললৈ উভতি অহাৰ সম্ভাৱনা আছে।পাতিদাৰে হায়দাৰাবাদত ভাৰতীয় দলত যোগদান কৰাৰ লগতে বৃহস্পতিবাৰৰ পৰা চহৰখনত আৰম্ভ হোৱা প্ৰথমখন মেচত বিচিচি আইৰ নমন বঁটা প্ৰদান অনুস্হানত উপস্হিত আছিল।তেওঁ ৪নম্বৰ স্হানত বেটিং কৰাৰো অভিজ্ঞতা আছে বুলি জানিব পৰা গৈছে।তেঁও যোৱা সপ্তাহত আহমেদাবাদত ইংলেণ্ডৰ লায়নৰ বিৰুদ্ধে ১৫১ৰাণ সংগ্ৰহ কৰিছে।যোৱা বছৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ এদিনীয়া খেলত অপেনাৰ হিচাপে যোগদান কৰিছিল। ইতিমধ্যে তেওঁ আন্তৰাষ্ট্ৰীয় পঞ্চম স্হানতো আত্মপ্ৰকাশ কৰিছে।
খবৰ অনুসৰি,চেতেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ আগত বিচিচি আইৰ নিৰ্বাচকসকলে পাতিদাৰক ভৱিষ্যতে অনুষ্ঠিত হবলগীয়া খেলসমূহত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে। আনহাতে,মুম্বাইৰ চৰফৰাজ খানক ঘৰুৱা বৰ্তনীত ধাৰাবাহিকভাৱে ৰাণ সংগ্ৰহ কৰাৰ পিছতো অধিক অপেক্ষা কৰিবলৈ বাধ্য কৰা হৈছে।
ReplyForward
|