নিউজ ডেস্ক, ২০ আগষ্টঃ হিমাচল প্ৰদেশত বৰষুণে নমাই আনিছে বিভীষিকা। মূষলধাৰ বৰষুণৰ ফলত নষ্ট হৈছে ঘৰ – বাৰী, বাট – পথ সকলো । কাংগৰত ইংৰাজৰ সময়তে নিৰ্মাণ কৰা ৰে’লৱে দলং ভাঙি যোৱাৰ উপৰি মণ্ডী জিলাৰ গোহৰট ভূমিস্খলনৰ ফলত এটা ঘৰ বিধ্বস্ত হোৱাৰ লগতে ঘৰটোত শুই থকা পৰিয়ালটোৰ ৭ জন সদস্য আবদ্ধ হৈ পৰে। এতিয়ালৈ উদ্ধাৰ কৰা হৈছে ৩ জনৰ মৃতদেহ। মূষলধাৰ বৰষুণৰ বাবে মণ্ডী আৰু কুল্লু জিলাত যথেষ্ট ক্ষতিসাধন কৰা দেখা গৈছে ।
মণ্ডী জিলাত সৰ্বাধিক ক্ষতিসাধন হৈছে এই বৰষুণৰ ফলত। আৱৰ্জনাৰে ভৰি পৰিছে কটৌলা বজাৰ। এজন ১০ বছৰীয়া কিশোৰ উদ্ধাৰ কৰা হৈছে কটৌলা বজাৰত। হিমাচলৰ পাঠানকোটৰ পৰা কাংগৰা – যোগেন্দ্ৰনগৰ সংযোগী একমাত্ৰ ৰে’লে দলংখন ক্ষতিগ্ৰস্ত হয়।
ইফালে, কাংগৰাত শ্বাহপুৰৰ গোৰডা পঞ্চায়তত প্ৰবল বৰষুণৰ ফলত এটা কেঁচা ঘৰ খহি পৰাৰ ফলত ৯ বছৰীয়া এটি শিশুৰ মৃত্যু হয়।