আজি বিহাৰত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

Share

গুৱাহাটী,২৯ জানুৱাৰী:অব্যাহত আছে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফল পৰিসমাপ্তি ঘটাৰ পাছত আজি বিহাৰত প্ৰৱেশ কৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলা হৈ বিহাৰত উপস্থিত হৈছে ৰাহুলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।আনহাতে যি সময়ত নীতিশ কুমাৰৰ জেডিইউয়ে গ্ৰেণ্ড এলায়েন্স এৰিছে সেই সময়ত ৰাহুল গান্ধী ভ্ৰমণ কৰিবলৈ আহিছে বিহাৰত।ইয়াৰোপৰি ২০২০ চনত বিহাৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰৰ সময়তো ৰাহুল গান্ধীয়ে শেষবাৰৰ বাবে কৰিছিল বিহাৰৰ ভ্ৰমণ।আজি কিষানগঞ্জত ৰাহুল গান্ধীয়ে ৰাজহুৱা সভাত ভাষণ দিব বুলি কংগ্ৰেছ নেতা শ্বকিল আহমেদ খানে কয়।ইয়াৰ পিছত ৩০ জানুৱাৰীত পূৰ্ণিয়াত আৰু ৩১ জানুৱাৰীত কাটিহাৰত ডাঙৰ ৰেলী অনুষ্ঠিত কৰিব।এই ৰেলীত স্থানীয় কংগ্ৰেছ আৰু আৰজেডিৰ নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।ইয়াৰেপৰি বিহাৰৰ কংগ্ৰেছ সভাপতি অখিলেশ প্ৰসাদ সিঙে কয় যে ১ ফেব্ৰুৱাৰীত ৰাহুলে আৰৰিয়া জিলা হৈ বংগত উপস্থিত হ’ব।উল্লেখ যোগ্য যে আকৌ এবাৰ ঝাৰখণ্ড হৈ বিহাৰলৈ উভতি আহিব ৰাহুলৰ ভাৰত জোড়ো ন্যায় যাত্ৰা।আনহাতে ৰাহুলে আৰৰিয়াতো ৰাইজক সম্বোধন কৰা কথা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *