সৰ্বত্ৰে চৰ্চাত থাকে এতিয়া ৰাহুল গান্ধী। কিয়নো তেওঁৰ কামেই হৈছে চৰ্চা লাভ কৰা। সাংসদ পদ খাৰিজ হোৱাৰ পৰা সাংসদ পথ ঘুৰাই পোৱালৈ চৰ্চাত আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী।
এইবাৰ ৰাহুল গান্ধীক দেখা গল মনোৰঞ্জন দৃশ্য উপভোগ কৰিবলৈ যোৱা। আজি ৰাতিপুৱা মটৰ চাইকেলেৰে লাডাখ ভ্ৰমণত ৰাহুল গান্ধী। পাংগং হ্ৰদলৈ KTM-490 Adventure ৰে ৰাইডত কংগ্ৰেছৰ যুৱৰাজজন। লাডাখ ভ্ৰমণত মটৰ চাইকেলেৰে যোৱা কেইবাখনো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ৰাহুলে।
ইফালে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ও ৰাহুলৰ বাইক ৰাইডত লাডাখ ভ্ৰমণত যোৱা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে। লিখিলে লাডাখ পৃথিৱীৰ ধুনীয়া ঠাইবোৰৰ ভিতৰত এটা।