২০২৪ ত ৰাহুল গান্ধী হ’ব বিৰোধীৰ প্ৰধানমন্ত্ৰী

Share
সোমবাৰে বাংগালুৰুত অনুষ্ঠিত হয় বিৰোধীৰ ২ দিনীয়া যুটীয়া বৈঠক। কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত 
হোৱা এই বৈঠকত ২৪ টা বিৰোধী দলে অংশগ্ৰহণ কৰে। ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধী 
ঐক্য শক্তিশালী কৰাৰ লক্ষ্যৰে এই আলোচনা বৈঠকত মিলিত হয়। উক্ত বৈঠকত ৰাজনৈতিক 
দিশত আগবঢ়োৱা কংগ্ৰেছ দলৰ ভুমিকাক  সকলোৱে প্ৰশংসা কৰে।

ভাৰত জোড়ো যাত্ৰাত কংগ্ৰেছৰ যুৱৰাজ তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীৰ ভুমিকা সম্পৰ্কত সোধাত
কংগ্ৰেছ নেতা ইশ্বৰ খান্দ্ৰেই বিৰোধীৰ নেতৃত্বপ্ৰধান ৰাহুল গান্ধী ২০২৪ ত সমগ্ৰ কংগ্ৰেছৰ বাবে 
প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী যে হ'ব তাত কোনো সন্দেহ নাই বুলি মন্তব্য প্ৰকাশ কৰে। ভাৰত জোড়ো 
যাত্ৰাৰ সফলতাই ৰাহুল গান্ধীক দেশৰ আটাইতকৈ প্ৰভাৱশালী বিৰোধী নেতা হিচাপে গণ্য কৰে 
বিৰোধী দলসমুহে।

উল্লেখ্য যে, কংগ্ৰেছ দলৰ প্ৰভাৰী জয়ৰাম ৰমেশে সীমান্ত আগ্ৰাসনক লৈ  চীনক ক্লীন চিত দিয়া, 
মণিপুৰ সংঘৰ্ষ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে। আনহাতে, 
বৈঠকখনত চাকৰি, মুল্যবৃদ্ধি, অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৰে জনসাধাৰণৰ বিষয়সমুহত 
চৰকাৰে গুৰুত্বপূৰ্ণ প্ৰদান নকৰাত বিৰোধী দলসমুহে সমালোচনা কৰে। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *