অৱশেষত বহু চৰ্চাৰ অন্ত পৰিল। ৰাহুল গান্ধীকেই দিয়া হল লোকসভাৰ বিৰোধী দলৰ দলপতিৰ দৰেই গুৰু দায়িত্ব। মংলবাৰে এই কথা ৰাজহুৱা কৰিলে কংগ্ৰেছৰ জেষ্ঠ নেতা কে.চি.বেনুগোপালে। উল্লেখে যে কংগ্ৰেছৰ শেহতীয়া দলীয় বৈঠকত ৰাহুল গান্ধীক এই দায়িত্ব লবলৈ কংগ্ৰেছৰ নেতা সকলে দাবী জনাই কিন্ত ৰাহুল গান্ধীয়ে প্ৰথম অৱস্থাত এই দায়িত্ব লবলৈ আগ্ৰহ প্ৰকাশ কৰা নাছিল। জেষ্ঠ নেতাৰ হেচাত তেওঁ এই দায়িত্ব ল’বলৈ আগবাঢ়ি আহে।