ৰাহুল গান্ধীক বাসভৱন খালী কৰাৰ নিৰ্দেশ লোকসভাৰ

Share

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰাৰ পিচতেই এইবাৰ তেওঁৰ চৰকাৰী বাংলো খালী কৰিবলৈ নিৰ্দেশ দিয়ে লোকসভা হাউচিং কমিটিয়ে। সোমবাৰে লোকসভা হাউচিং কমিটিয়ে কংগ্ৰেছ নেতা  ৰাহুল গান্ধীক চৰকাৰী বাসভৱন খালী কৰাৰ জাননী জাৰি কৰে। নেতাগৰাকীক ২২ এপ্ৰিলৰ ভিতৰত বাসভৱন খালী কৰিবলৈ সময় দিয়া হৈছে।

উল্লেখযোগ্য যে, ২০০৪ চনৰ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিচতে ৰাহুল গান্ধীয়ে টোগলক লেনস্থিত চৰকাৰী বাসভৱনটো লাভ কৰিছিল। কিন্তু, ২০১৯ চনত মোডী উপাধি সম্পৰ্কে কৰা বিৰূপ মন্তব্যৰ বাবে তেওঁক মানহানি গোচৰত চুৰাত আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড ঘোষণা কৰে আৰু ইয়াৰ পিচতে লোকসভাৰ সাংসদ পদৰ পৰা তেখেতক বৰ্খাস্ত কৰা হয়। এই ফলস্বৰূপে ৰাহুল গান্ধীক এমাহৰ ভিতৰতেই চৰকাৰী বাসভৱন খালী কৰাৰ নিৰ্দেশ দিয়া হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *