পল্লৱী গগৈ
৭ আগষ্ট, বকোঃ কামৰূপ জিলাৰ বকোত লোকনিৰ্মান বিভাগৰ পথ এটা নিৰ্মানত দূৰ্নীতি হোৱাৰ অভিযোগ তুলি শুক্ৰবাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ জনায়।৪৮ নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰৰ পৰা বৰুৱাপথাৰ গাঁও সংযোগী পথটো আসোঁৱাহপূৰ্ণভাৱে নিৰ্মান কৰি থকাত ৰাইজে কাম বন্ধ কৰি দিয়ে।পথটো নিৰ্মাণ কাৰ্যত জড়িত লোক আৰু কৰ্মচাৰীয়ে ৰাইজৰ বিৰুদ্ধে আৰক্ষী থানালৈ যোৱাৰ ভাবুকি দিয়ে। ফলত ৰাইজ ক্ষোভত ফাটি পৰে আৰু ‘ঠিকাদাৰ হায় হায়, লোকনিৰ্মান বিভাগ মূৰ্দাবাদ, পথ নিৰ্মানৰ দূৰ্নীতি বন্ধ কৰক’ আদি শ্লগানেৰে প্ৰতিবাদ কৰি পৰিৱেশ উত্তাল কৰি তোলে।