দ্বিতীয় বিবাহ পাশত আবদ্ধ হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান !বিয়াত  পিতৃৰ ৰীতি- নীতিৰ দায়িত্ব পালন কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী  অৰবিন্দ কেজৰিৱালে

Share

এখন চৰ্চিত বিবাহ !  বৰ্তমান চৰ্চাৰে ভৰি পৰিছে সামাজিক মাধ্যম । গুৰপ্ৰীত কৌৰৰ সৈতে দ্বিতীয় বিবাহ পাশত আবদ্ধ হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।সম্পূৰ্ণ শিখ ধৰ্মৰ ৰীতি-নীতিৰে সম্পন্ন হ’ল এই বিয়াখন । কেৱল সীমিত অতিথিসকলকহে আমন্ত্ৰণ জনোৱা হৈছিল বিয়াখনলৈ । পিছে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই বিয়াখনত দেউতাকৰ দায়িত্ব পালন কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু গুৰপ্ৰীত কৌৰ আজি এক পৱিত্ৰ বান্ধোনত বান্ধ খাই পৰে । কোনোধৰণৰ অসুবিধা নোহোৱাকৈ শৃংখলাবদ্ধভাৱে এই বিবাহ সম্পন্ন কৰে ভগৱন্ত মানে ।

মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত অনুষ্ঠানটোত অতি সীমিত সংখ্যক লোককহে জনোৱা হৈছিল আমন্ত্ৰণ ।বিবাহ অনুষ্ঠানটিত উপস্থিত হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে তেওঁৰ পৰিয়াল ।তেওঁৱেই ৰীতি অনুসৰি ভগৱন্ত মানৰ হৈ পিতৃৰ সকলো দায়িত্ব পালন কৰিছিল । এয়া হৈছে ৪৮ বছৰীয়া ভগৱন্ত মানৰ দ্বিতীয় বিবাহ । ৩২ বছৰীয়া গুৰপ্ৰীত ভগৱন্ত মানতকৈ ১৬ বছৰ সৰু । ২০১৫ চনতে তেওঁৰ প্ৰথমগৰাকী পত্নী ইন্ত্ৰজিত কৌৰৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ । প্ৰথম বিবাহত মানৰ দুটা সন্তান আছে । এজনী ২১ বছৰীয়া ছোৱালী আৰু এজন ১৭ বছৰীয়া পুত্ৰ ।দুয়ো বৰ্তমান তেওঁলোকৰ মাতৃৰ সৈতে আমেৰিকাত বাস কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *