মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত প্ৰতিবাদকাৰীৰ

Share

অশান্ত মণিপুৰলৈ এতিয়াও উভতি অহা নাই শান্তি। এনে সময়তে কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে দুমাহৰ অন্তত মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে।

মে’ মাহত মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ বা ইম্ফল ডিমাপুৰ আদি ঠাইৰ ঘাইপথ অৱৰোধ কৰা হৈছিল।ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ক্ষেত্ৰত দুটা কুকি সংগঠন , ইউনাইটেড পিপলছ ফ্ৰন্ট ইউপিএফ আৰু কুকি নেচনেল অৰ্গেনাইজেচন কেএনঅ’য়ে আগভাগ লৈছিল।লগতে দুয়োটা সংগঠনে শেহতীয়াকৈ এটা যুটীয়া বিবৃতি প্ৰকাশ কৰিছে।তেওঁলোকে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ কৰা হৈছে আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত চলি থকা অশান্তি  সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আনহাতে, শেহতীয়াকৈ মণিপুৰত সংঘৰ্ষত ১০০ ৰো অধিক লোক নিহত হৈছে।প্ৰতিবাদকাৰীয়ে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ লগতে বহু ঘৰ জ্বলাই দিছে।এনে পৰিস্থিতিত বিৰোধীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আহিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইদিনমান পূৰ্বে অস্থিৰতাৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰিছিল যদিও ৰাজ্য়খনত আজিও শান্তিৰ পৰিৱেশ সৃষ্টি হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *