ৰাজ্যবাসীৰ বাবে সু-খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে ভূটান ,নেপাল আৰু বাংলাদেশলৈ মিথানল ৰপ্তানি প্ৰক্ৰিয়াৰ প্ৰকল্পটোৰ।
উল্লেখ্যযোগ্য যে, বিগত ১৪ এপ্ৰিলৰ দিনা সৰুসজাই ষ্টেডিয়ামৰ পৰা ভাৰ্চুৱেল পদ্ধতিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীৰ বাবে উদ্বোধন কৰিছিল পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটো।উদ্বোধনৰ পিছতেই দৈনিক ৫০০ টা মিথানল আৰু ২০০ টন ফৰ্মেলিন উৎপাদন কৰিবলৈ সক্ষম হয় প্ৰকল্পটোৱে।ইয়াৰ পিছতে ভাৰতবৰ্ষৰ লগতে ভূটান ,নেপাল,বাংলাদেশৰ বজাৰ দখলৰ বাবে আগবাঢ়িছে অসম পেট্ৰ’কেমিকেল লিমিটেড।
ডিব্ৰুগড় জিলাৰ নামৰূপৰ অসম পেট্ৰ’কেমিকেলচত উৎপাদিত মিথানল ভূটান, নেপাল,বাংলাদেশলৈ ৰপ্তানিকাৰ্য আনুষ্ঠানিকভাৱে আজি অৰ্থাৎ ১ জুলাই দিনা উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে, ২০১৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে বৰ্ধিত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাৰ অহৰহ প্ৰচেষ্টাত বৰ্ধিত মিথান’ল প্ৰকল্পটোৰ কাম ভাৰতবৰ্ষৰ ১১ টা কোম্পানীয়ে দ্ৰুত গতিত আগবঢ়াই সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিল । দেশৰ ভিতৰতে এটা লাভজনক উদ্যোগ প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে এই প্ৰকল্পটো । ইফালে প্ৰায় ১৮ শ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ হোৱা প্ৰকল্পটোত প্ৰায় দুই তিনি শতাধিক নিবনুৱা যুবক যুৱতীয়ে সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ।