নিৰ্বাচনী প্ৰচাৰত প্ৰিয়ংকা গান্ধীৰ প্ৰতিশ্ৰুতি

Share
গুৱাহাটী,২৫ নৱেম্বৰ: যোৱা ২৪ নৱেম্বৰত তেলেংগানাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত প্ৰতিশ্ৰুতি দি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছ ক্ষমতালৈ আহিলে তেলেংগানাৰ ২লাখ নিবনুৱাক চাকৰি প্ৰদান কৰা হ’ব। ইয়াৰ লগতে তেওঁ কয়, ” যিসমূহ ৰাজ্যত কংগ্ৰেছ চৰকাৰ বৰ্তি আছে, সেইসমূহ ৰাজ্যত ইতিমধ্যে আমি কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে ৰাজস্থানত দুই লাখৰো অধিক নিবনুৱাক সংস্থাপন দিয়া হৈছে।” আনহাতে তেলেংগানাত সৃষ্টি হোৱা প্ৰশ্নকাকত ফাদিলৰ সমস্যা দূৰীকৰণৰ বাবে জচ কেলেণ্ডাৰ প্ৰকাশৰ ব্যৱস্থা কৰাৰ বিষয়েও অৱগত কৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ২লাখ নিবনুৱাক চাকৰি প্ৰদানৰ সমান্তৰালভাৱে মহিলাৰ বাবে মহিলি একাউণ্টত ২,৫০০ টকা প্ৰদান আৰু ৰন্ধন গেছৰ বাবদ ৫০০ টকা, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱাৰ সুবিধা, কৃষকক দুই লাখ টকাৰ ঋণ ৰেহাই, প্ৰতি বছৰে কৃষকক ১৫ হাজাৰ টকা প্ৰদানকে ধৰি আৰু বহুকেইটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কৰা এই প্ৰতিশ্ৰুতিৰ সত্য সত্যতা কিমান সেইটো আগন্তুক নিৰ্বাচনত কংগ্ৰেছ জয় যুক্ত হ’লেহে লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *