সমাগত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন।তাক লৈ তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল।কৰ্ণাটকত নিৰ্বাচনি প্ৰচাৰ অভ্যাহত আছে।তাৰ মাজতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীক দেখা গ’ল অন্য এক ৰুপত।
নিৰ্বাচনমুখী কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰতি লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বুধবাৰে পুৱা মাইচুৰুৰ এখন ৰেষ্টুৰেণ্টত দোচা বনাবলৈ শিকিছিল।
উল্লেখ্য যে কংগ্ৰেছ নেত্ৰীগৰাকী বুধবাৰে পুৱা কংগ্ৰেছৰ ৰাজ্যিক মুৰব্বী ডি কে শিৱকুমাৰ, দলৰ সাধাৰণ সম্পাদক আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালাৰ লগতে আন কেইজনমান ব্যক্তিৰ সৈতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবৰ বাবে মাইচুৰুৰ আটাইতকৈ পুৰণি হোটেল মাইলাৰীলৈ গৈছিল।সেই হোটেল খনত ইডলি আৰু দোচা খোৱাৰ পিছত প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দোচা বনোৱাৰ কৌশল শিকিব বিচাৰিছিল।তাৰ পিছতে ৰেষ্টুৰেন্টৰ গৰাকীয়ে তাইক হোটেলৰ ৰন্ধন গৃহলৈ লৈ গৈছিল আৰু দোচা বনাবলৈ শিকাইছিল।