অসুস্থ হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ

Share

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ অসুস্থ। সূত্ৰ অনুসৰি আহমেদাবাদৰ এখন হাস্পাতালত ভৰ্তী কৰোৱা হৈছে হীৰাবেন মোদীক। বুধবাৰে অসুস্থ হৈ পৰে প্ৰধানমন্ত্ৰী গৰাকীৰ মাতৃ। বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে চিকিৎসা।

উল্লেখ্য যে ১৮ জুনত ১০০ বছৰীয়া হৈছিল হীৰাবেন মোদী। হীৰাবেন মোদীক আহমেদাবাদৰ ইউ এন মেহতা হাস্পাতালত ভৰ্তী কৰোৱা হৈছে। সূত্ৰ অনুসৰি গুজৰাট বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ পিছত গান্ধীনগৰৰ বাসগৃহত মাতৃক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *