ঝাৰখণ্ড কোডাৰমাত নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Share

বৰ্তমানো দেশজুৰি অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰৰ বাবে ত९পৰ হৈ পৰিছে শাসক বিৰোধী ৷ ইতিমধ্যে সম্পন্ন হৈছে দেশত চাৰিটা পৰ্যায়ৰ ভোটদান  ৷  অনাগত তথা আহিবলগীয়া পৰ্যায়ৰ বাবে দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ যোৱা ১৪ মে’ ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ঝাৰখণ্ডৰ কোডাৰমাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ উপস্থিত হৈ এক ৰোড শ্ব’ ত অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতত আনন্দিত হৈ পৰে সাধাৰণ জনতা ৷ মোডীক প্ৰত্যক্ষ কৰিবলৈ পথত  সমাগম  হয় অজস্ৰ লোকৰ। ৰোড শ্ব’ লগতে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মোডীয়ে ৷ জনসভাত অংশগ্ৰহণ কৰি মোডীয়ে বহুমুলীয়া ভাষণ আগবঢ়ায় ৷ ভাষণত বিৰোধী মিঁত্ৰজোটক তীব্ৰ সমালোচনা কৰাৰ লগতে এন ডি এ  চৰকাৰ গঠন কৰিলে দুৰ্নীতি আৰু কলা ধনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *