গুৱাহাটী, ৩১জানুৱাৰীঃ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৩ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হৈ ৪ফেব্ৰুৱাৰীত খানাপাৰা খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত মোডীয়ে অংশগ্ৰহণ কৰিব । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মংগলবাৰে সংবাদ মাধ্যমৰ আগত এই সম্পৰ্কে অৱগত কৰে। ইয়াৰ লগতে মন্ত্ৰী অশোক সিংহলেও প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিষয়ে জানিবলৈ দিয়ে। দেশৰ প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰৰ মাজত ব্যাপক ত९পৰতা দেখিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে, খানাপাৰাত অনুষ্ঠিত হবলগীয়া উক্ত সভাত মোডীয়ে কেইবাশ কোটি টকাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন কৰিব। যোৰহাটত বৰ্তমানেও নিৰ্মীয়মান অৱস্থাত থকা লাচিত বৰফুকনৰ এক বিশাল প্ৰতিমূৰ্তিকে আদি কৰি আন বহুকেইটা প্ৰকল্পৰ কাম অন্তিম পৰ্যায়ত উপনীত হৈছে। এনে বহু প্ৰকল্প খানাপাৰাৰ পৰাই ভাৰ্চুৱেলী উন্মোচন কৰিব পাৰে মোডীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কিছুদিনৰ পাছতেই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ তথা ৪ফেব্ৰুৱাৰীত খানাপাৰাত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণৰ বিষয়টো অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পাৰ্শ্বক্ৰিয়া হিচাপে বিবেচিত হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণে কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া পৰৱৰ্তী সময়তহে উল্লেখ্যনীয় হৈ ৰব।