পুনৰ বিদেশলৈ ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Share
চাৰিদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আফ্ৰিকা গ্ৰীচলৈ ৰাওনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।জোহান্সবাৰ্গত ১৫ সংখ্যক ব্ৰিকছ সন্মিলনত অংশ ল’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।আজিৰে পৰা ২৪‌ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব এই সন্মিলন।প্ৰধানমন্ত্ৰী গৰাকীয়ে একাধিক নেতাৰ সৈতে মিলিত হʼব দ্বিপাক্ষিক বৈঠকত। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্যযোগ্য যে, এই সন্মিলনত দক্ষিণ আফ্ৰিকাৰ উপৰিও ব্ৰাজিল, ৰাছিয়া, চীনৰ নেতাসকলো উপস্থিত থাকিব।
প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *