বিশ্বৰ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ! প্ৰকাশ পালে সমীক্ষাত

Share

নিউজ ডেস্ক, ২৭ আগষ্ট‌ঃ আন্তৰ্জাতিক সংস্থা মৰ্নিং কনচাল্টৰ দ্বাৰা কৰা এক জৰীপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে স্থান দিয়া হৈছে, যিয়ে প্ৰতিখন দেশৰ নাগৰিকৰ ওপৰত জৰীপ কৰিছিল, আন্তজাৰ্তিক সংস্থা মৰ্ণিং কনচাল্টে চলোৱা এক জৰীপ অনুসৰি, য’ত দেখা গৈছে, প্ৰায় ৭৫ শতাংশ ভাৰতীয়ই প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিছে। 

উল্লেখ্য যে, নৰেন্দ্ৰ মোদীৰ পিছতেই দ্বিতীয় স্থানত আছে মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মানুৱেল Lopez  অব্ৰদৰ। তৃতীয় স্থানত অষ্ট্ৰেলিয়াৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী এন্থনী এলবানেজ আৰু চতুৰ্থ স্থানত আছে ইটালীৰ প্ৰধামন্ত্ৰী মাৰীঅ দ্ৰাঘী। 
লক্ষণীয় যে, ক’ভিড – ১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়তো দেশবাসীৰ সমৰ্থন বন্ধ হোৱা নাছিল এই মহামাৰীৰ মোকাবিলাৰ ওপৰত খং থকা সত্ত্বেও, জৰীপটোত অংশগ্ৰহণ কৰা অধিকাংশ ভাৰতীয়ই অনুভৱ কৰিছিল যে মোদী চৰকাৰে মহামাৰীৰ পৰিস্থিতি কঠোৰতাৰে মোকাবিলা কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *