দিল্লীৰ মেট্ৰ’ত সাধাৰণ যাত্ৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Share

আমেৰিকা ,ইজিপ্ত ভ্ৰমণৰ পিছত এইবাৰ মোদীক দেখা গল দিল্লীৰ মেট্ৰত । বিদেশ ভ্ৰমণ কৰি নিজ দেশত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় সতীৰ্থৰ সৈতে বিভিন্ন বৈঠকত ভাগ লোৱা পৰিলক্ষিত হৈছে । আনহাতে আগন্তক দল আৰু নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত । কিন্তু তাৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীক দেখা গল  অন্য এক ৰুপত, অসমীয়াৰ স্বাভিমান গামোচা ডিঙিত পৰিধান কৰি দিল্লীৰ মেট্ৰ’ত সাধাৰণ যাত্ৰীৰ সৈতে  মত বিনিময় কৰা । প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লী মেট্ৰত উঠি যাত্ৰা কৰাৰ লগতে নিজেই মেট্ৰ ষ্টেচনৰ পৰা কুপন সংগ্ৰহ কৰাওঁ পৰিলক্ষিত হয়।

উল্লেখ্য যে দিল্লী বিশ্ব বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপনত অংশ লবলৈ গৈ এইদৰে মেট্ৰত যাত্ৰা কৰিলে মোদীয়ে ।লগতে তেওঁ দিল্লী বিশ্ব বিদ্যালয়ত ৩টা নতুন বিল্ডিঙৰ আধাৰশিলাও স্থাপন কৰিব ।দিল্লী বিশ্ব বিদ্যালয়ৰ এই সমাৰোহত অংশ লবলৈ যোৱা সময়তে মোডীয়ে মেট্ৰৰ যাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰা লগতে সেই যাত্ৰীসকলৰ মাজত থকা কেইজনমান ছাত্ৰৰ সৈতেও মোদীয়ে মত বিনিময় কৰা দেখা যায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *