আজি পুৱা ৭ বজাৰ পৰা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটদান আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ জনসাধাৰণক ‘‘অভিলেখ সংখ্যাত ভোট দিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ’’ আহ্বান জনায়।বিশেষকৈ যুৱক-যুৱতীসকলক তেওঁলোকৰ ফ্ৰেঞ্চাইজি ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই।
এক বিশেষ টুইটযোগে লিখিছে, ‘‘ত্ৰিপুৰাৰ জনসাধাৰণক অভিলেখ সংখ্যাত ভোট দিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। মই বিশেষভাৱে যুৱসকলক তেওঁলোকৰ ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান জনাইছো।’’
ৰাজ্যখনত এইবাৰ ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হোৱা দেখিবলৈ পোৱা গৈছে, য’ত শাসকীয় বিজেপিয়ে IPFT দলৰ সৈতে মিত্ৰতাৰে বৃহত্ জয় লাভ কৰাৰ আশা কৰাৰ বিপৰীতে CPM এ অপ্ৰত্যাশিতভাৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। ইয়াৰোপৰি, উত্তৰ-পূবৰ ৰাজ্যখনৰ প্ৰাক্তন ৰাজপৰিয়ালৰ বংশধৰৰ দ্বাৰা গঠিত নতুন আঞ্চলিক দল টিপ্ৰা মোথাও সমান্তৰালভাৱে প্ৰতিদ্বন্দিতাত নামি ত্ৰিপুৰাৰ শাসনভাৰ লাভ কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাইছে।এনেদৰে ত্ৰিপুৰাবাসীক টুইটযোগে ভোট দিবলৈ আহ্বান জনাই।