পুনৰ ৭০ হাজৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ

Share
শনিবাৰে  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডীয়ে ৭০হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰিলে নিযুক্তি পত্ৰ ৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সমগ্ৰ দেশৰ ৪৪ টা স্থানত আয়োজন কৰা কেন্দ্ৰৰ জৰিয়তে প্ৰদান কৰিলে নিযুক্তি পত্ৰ ৷ ৰাজহ বিভাগ, বিত্তীয় বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, আদি বিভিন্ন বিভাগত প্ৰদান কৰিব নিযুক্তি পত্ৰ ৷
আনহাতে, নিযুক্তি প্ৰাপ্ত লোকসকলে ‘কৰ্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি মন্তব্য প্ৰদান কৰে নৰেন্দ্ৰ মোডীয়ে ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ উদ্বোধন কৰি সকলো নিযুক্তি প্ৰাপ্ত লোকক অভিনন্দন জ্ঞাপন কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণত ভূমিকা আগবঢ়াবলৈ আহ্বান জনায় ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩ জুনত ৭০,১২৬ গৰাকী লোকক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল ৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *