ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিলে ৭১ হাজাৰ নিযুক্তি পত্ৰ

Share

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মংগলবাৰে অর্থাৎ আজি নিযুক্তি মেলা বা ৰোজগাৰ মেলাৰ অধীনত নৱনিযুক্ত প্ৰায় ৭১ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো এই নিযুক্তি প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬মে’ ৰ পুৱা ১০.৩০ বজাত ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে এই নিযুক্তি পত্ৰ সমূহ বিতৰণ কৰে।

এই নিযুক্তি মেলা বা ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৫ টা স্থানত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত এই নতুন কৰ্মীসকলে ভাৰত চৰকাৰৰ অধীনত বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিব। ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মূলতঃ নিম্ন বৰ্গৰ বিভিন্ন পদৰ নিযুক্তি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। এই পদ সমুহৰ ভিতৰত আছে গ্ৰামীন ডাকসেৱক, ডাক পৰিদৰ্শক, টিকট ক্লাৰ্ক, জুনিয়ৰ একাউন্ট ক্লাৰ্ক, টেক মেইনটেনাৰ আদি। তাৰ উপৰিও বিভাগীয় একাউন্টেন্ট, হেড কনিষ্টবল, সহকাৰী কমাণ্ডেন্ট, সহকাৰী অধ্যাপক, সহকাৰী পঞ্জীয়ক আদি পদো থাকিব।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীয়ে এতিয়ালৈকে ২.৯ লাখ লোকক নিযুক্তি প্ৰদান কৰিছে। আজি ৭১ হাজাৰক নিযুক্তি প্ৰদানৰ পাচত এই সংখ্যা ৩.৬ লাখলৈ বৃদ্ধি পাব। ১০ লাখ লোকক নিযুক্তি দিয়াৰ লক্ষ্যৰে  প্ৰধানমন্ত্ৰী মোদীয়ে বিত্তীয় বৰ্ষৰ অক্টোবৰ মাহত ৰোজগাৰ মোলা আৰম্ভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *