এতিয়াও দেশজুৰি অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ত९পৰ হৈ পৰিছে শাসক-বিৰোধী ৷ ইতিমধ্যে সম্পন্ন চতুৰ্থ পৰ্যায়ৰ ভোটদান ৷ বৰ্তমান বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে দিনে নিশাই প্ৰচাৰত নামি পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে ৰোড শ্ব’ অংশগ্ৰহণ প্ৰধানমন্ত্ৰীগৰাকীৰ ৷ যোৱা ১৪ মে’ ত পুনৰ বাৰানসীত তৃতীয়বাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পুৱাৰ ভাগত বাৰানসীত জিলা দণ্ডাধীশৰ কাৰ্যালয়ত বিজেপিৰ নেতৃত্বাধীন, এনডিএৰ সহযোগী দলৰ মুৰব্বী আৰু কেন্দ্ৰীয় মন্ত্ৰীক লৈ মোডীয়ে পুনৰ বাৰানসী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ৷ বাৰানসীত মহাসমাৰোহেৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মোডীৰ সংগী হিচাপে উপস্থিত থাকে বিজেপিৰ নেতৃত্বাধীন এনডিএৰ শীৰ্ষ নেতা ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে মোডীয়ে কেন্দ্ৰীয়মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে. পি নাড্ডাকে ধৰি ২২ জন শীৰ্ষ ৰাজনৈতিক নেতাক লৈ বাৰানসী গংগাৰ ওচৰৰ দশাশ্বমেধ ঘাটত উপস্থিত হৈ পুজা-অৰ্চনা কৰে ৷ ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগত কালভৈৰৱ মন্দিৰত পূজা- অৰ্চনা কৰে মোডীয়ে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মোডীৰ লগত বিশেষকৈ চাৰিজন প্ৰস্তাৱক থাকে ৷প্ৰস্তাৱক কেইগৰাকী হ’ল-ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰ.এছ.এছ) স্বেচ্ছাসেৱক বৈজনাথ পেটেল, ,দলিত নেতা সঞ্জয় সোণকাৰ ,অ বিচি বিজেপি নেতা লালছান কুছয়াহা, ৰামমন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন নিৰ্ধাৰণ কৰা পণ্ডিত গণেশ্বৰ শাস্ৰী ৷ মনোনয়ন পত্ৰ দাখিল কৰি মোডীয়ে বাৰানসী জনসাধাৰণক কয় ২০১৪ চনত বাৰানসীত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ পৰাই আপোনালোকৰ যি মৰম আৰ্শীবাদৰ কাৰণে ১০ বছৰলৈ আপোনালোকৰ সেৱা কৰিবলৈ সুযোগ পালো তাৰ বাবে ধন্যবাদ ৷ বাৰানসীত একেৰাহে তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰি বাৰানসী এতিয়া সকলো দিশতে উন্নত হৈছে বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও এইবাৰ বাৰানসীত তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰা মোডীৰ বিৰুদ্ধে এইবাৰো প্ৰতিদ্বন্দী হিচাপে থিয় দিছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে । প্ৰধানমন্ত্ৰী মোডীৰ লক্ষ্য এইবাৰ ৪০০ খনতকৈ অধিক আসন লাভ কৰাৰ ।