ৰাষ্ট্ৰীয় একতা দিৱস উদযাপনৰ বাবে গুজৰাটত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডী

Share
সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰাৰ লগতে গুজৰাটতো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰাৰ উদ্দেশ্য উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।গুজৰাটত উপস্থিত হৈয়ে নৰ্মদা নদীৰ ওপৰত প্ৰতিষ্ঠিত  লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি  “ষ্টেচু অৱ ইউনিটিত” ত শ্ৰদ্ধাঞ্জলি  জ্ঞাপন  কৰে নৰেন্দ্ৰ মোডীয়ে। চৰ্দাৰ  বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ৩১ অক্টোবৰৰ দিনটোত  ৰাষ্ট্ৰীয় একতা দিৱস  পালন কৰি আহিছে ।ভাৰতবৰ্ষত ২০১৪ চনত প্ৰধানমন্ত্ৰীয়ে এই দিৱসৰ শুভাৰম্ভণি কৰিছিল।  প্ৰয়াত চৰ্দাৰ বল্লভভাই পেটেল হৈছে দেশৰ  প্ৰথমগৰাকী উপ-প্ৰধান মন্ত্ৰী তথা প্ৰথম গৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰী । নেতাগৰাকীৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰিছিল পৃথিৱীৰ আটাইতকৈ উচ্চতম প্ৰতিমূৰ্তিটো  আৰু এই প্ৰতিমূৰ্তিটোৰ বাবদ ২৭ বিলিয়ন ধন ব্যয় কৰি ২০১৮  চনত মুকলি কৰিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত “ৰাণ ফৰ ইউনিটি”, “ৱক ফৰ ইউনিটি” কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ৰাষ্ট্ৰীয় একতা দিৱস । 

Leave a Reply

Your email address will not be published. Required fields are marked *