শিক্ষামন্ত্ৰীৰ বিশেষ ঘোষণাত ক্ষুণ্ণ প্ৰাথমিক টেট শিক্ষক সমাজ

Share

ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্যই ক্ষুণ্ণ কৰিছে প্ৰাথমিক টেট শিক্ষকৰ লগতে ঠিকাভিত্তিক শিক্ষকসকলক।শিক্ষকসকলৰ বেতন নিয়মীয়াকৰণৰ দাবীক নস্যা९ কৰি শিক্ষামন্ত্ৰীজনে কয় যে প্ৰাদেশীকৰণ কৰাৰ দিনৰ পৰাহে শিক্ষক সকলে লাভ কৰিব সুবিধা।গতিকে টেট শিক্ষক সকলে বিচাৰিলেও নিযুক্তি দিব নোৱাৰিব।শিক্ষামন্ত্ৰীৰ ভাষ্যত ক্ষুণ্ণ হৈ প্ৰত্যুত্তৰ হিচাপে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই এক বিবৃতি লিখি কাকতলৈ প্ৰেৰণ কৰে যে শিক্ষকক নিয়মীয়াকৰণৰ নামত নিযুক্তি দিয়াৰ কথা কেনেকৈ আহিলে?ভাৰত চৰকাৰৰ এন চি চি ই বিধি অনুসৰি ২০১২ চনৰ পৰাই শিক্ষকক নিযুক্তি দি আহিছে।

শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বিনাবেতনেৰে কৰ্ম কৰা শিক্ষকৰ প্ৰদেশীকৰণ কি যুক্তিত একাকাৰ কৰিছে সেয়া শিক্ষামন্ত্ৰীজনে স্পষ্ট কৰিব লাগে বুলি ত্ৰৈলোক্য ডেকাই উল্লেখ কৰিছে।পূৰ্বৰ শিক্ষকসকলৰ চাকৰি যদি বেতন নিয়মীয়া হ’ব পাৰে তেন্তে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰাত দৰমহা হ্ৰাস কৰি নতুন নিযুক্তি দিয়াৰ অন্তৰালত কি আছে সেয়া ৰহস্য হৈ পৰিছে।এই ৰহস্য অতিশীঘ্ৰে অসমৰ ৰাইজৰ আগত প্ৰকাশ কৰা আহ্বান জনাইছে শিক্ষক সমাজৰ কেন্দ্ৰীয় নেতৃত্বই।আইনগত দিশৰ পৰা বেতন নিয়মীয়াকৰণ কৰি অসমৰ শিক্ষা ব্যৱস্থা অধিক উন্নত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে।

Leave a Reply

Your email address will not be published. Required fields are marked *