ৰাজধানী দিল্লীতকৈ অসমত পেট্ৰ’ল – ডিজেলৰ দাম কম : ড° শৰ্মা

Share
নিউজ ডেস্ক,৩০ আগষ্টঃ    দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি অহা টুইটাৰ যুঁজ বৰ্তমানলৈ অব্যাহত আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কেজৰিৱলক তীব্ৰ কটাক্ষ কৰি কয় যে এহেজাৰ বছৰ পাছত ৩০২২ চনত অসমত আপৰ চৰকাৰ আহিব। দিল্লীৰ উন্নয়নত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, দিল্লীৰ বৈভৱত অসমৰ মানুহৰ বৰঙণি আছে। হাজাৰ জন অসমীয়াই দিল্লীৰ বৈভৱত অৰিহণা যোগাইছে। দিল্লীৰ বৈভৱ অকল দিল্লীৰ মানুহে সৃষ্টি কৰা নাই। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহে সৃষ্টি কৰিছে। সেয়ে ৰাজ্যৰ ৰাজধানীৰ লগত ৰাষ্ট্ৰৰ ৰাজধানী তুলনা কৰা নাযায়। তুলনা কৰিলে পেট্ৰ’ল – ডিজেলৰ দামক লৈ দিল্লীয়ে অসমৰ সৈতে তুলনা কৰক। দিল্লীতকৈ অসমত পেট্ৰ’ল – ডিজেলৰ দাম কম ।
অবান্তৰ কথা লৈ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ব্যস্ত হৈ থাকে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *