পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

Share

পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ দ্ৰুতগতিত বাঢ়িছে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য  ৷ অকল শাক-পাচলি বুলিয়ে নহয় ক্ৰমান্বুয়ে বজাৰসমূহত এতিয়া বৃদ্ধি পাইছে আলু পিয়াজৰ মূল্য ৷ দোকান অনুযায়ী একাংশ বিক্ৰেতাই দিনে দিনে দ্ৰুতগতিৰে বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ এমাহতে ১০০ ৰ পৰা ৪০০ শতাংশলৈ বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য ৷ মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ মূল্য বৃদ্ধিয়ে এতিয়া জলা- কলা খুৱাইছে সাধাৰণ জনতাক ৷ মহানগৰীৰ শিলপুখুৰীৰ বজাৰসমূহত আগ্ৰা আলুৰ প্ৰতি কেজিৰ মূল্য হৈছে ৪৫ টকা  আৰু বেংগল আলুৰ মূল্য হৈছে ৪০ টকা ৷ ঠিক তেনেকৈ প্ৰতি কেজি ৫০ টকা পিয়াজৰ মূল্য হৈছেগৈ ৬০ টকা ৷ তাৰ সমান্তৰালকৈ গণেশগুৰিৰ বজৰতো পৃথক পৃথক হৈছে সামগ্ৰীৰ মূল্য ৷ ৮০ টকাকৈ বৃদ্ধি হৈছে এতিয়া প্ৰতি কেজি বিলাহীৰ মুল্য ৷ আনহাতে ১০০ টকা পৰ্যান্তলৈ বৃদ্ধি হৈছে গাজৰৰ মূল্য ৷ তাৰ সমান্তৰালকৈ বজাৰসমূহত বৃদ্ধি পাইছে চাউলৰ মূল্য ৷ বৰ্তমান সময়ত প্ৰতি কেজি চাউলৰ মূল্য হৈছেগৈ ৩ টকাৰ পৰা ৫ টকালৈ ৷ দিনে দিনে বৃদ্ধি হোৱা মূল্যৰ বাবে এতিয়া বিপাঙত পৰিছে সাধাৰণ জনতা ।

Leave a Reply

Your email address will not be published. Required fields are marked *