এপ্ৰিল মাহৰ প্ৰথমটো দিনৰ পৰাই জনতাক কোঙা কৰিবলৈ পুনৰ সাজু হৈ উঠিছে শাসনাধিষ্ঠ চৰকাৰ। কল্যাণকামী ৰাষ্ট্ৰ বুলি নিজকে পৰিচয় দি অহাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এইবাৰ বৃদ্ধি কৰিবলৈ সাজু হৈছে জীৱনদায়নি ঔষধৰ দাম।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দেশবাসীক কোঙা কৰি তোলাৰ পিছতে পুনৰ ঔষধৰ দাম বৃদ্ধিয়ে জনসাধৰণৰ সমস্যা দুগুণে বৃৃদ্ধি কৰি তুলিব।
ইতিমধ্যে চৰকাৰে ঔষধ কোম্পানীসমুহক বাৰ্ষিক ডব্লিউ পি আইৰ অৰ্থাৎ পাইকাৰী মূল্য সূচকৰ পৰিৱৰ্তনৰ সৈতে মিল ৰাখি ঔষধৰ দাম বৃদ্ধি কৰাৰ অনুমতি দিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।
আনহাতে চৰকাৰে জানিব দিয়া মতে, ৰাষ্ট্ৰীয় ঔষধ মূল্য নিয়ন্ত্ৰক কতৃপক্ষই প্ৰকাশ অনুসৰি ঔষধৰ বাৰ্ষিক পাইকাৰী মূল্য সূচকত যোৱা বছৰৰ জানুৱাৰীৰ পৰা এই বৰ্ষৰ জানুৱাৰীলৈ ১২.১২ শতাংশ পৰিৱৰ্তন হৈছে।
উল্লেখ্য যে, ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱা সাধৰণতে ব্যৱহাৰ হোৱা ৩৮৪ বিধ ঔষধৰ দাম ১২ শতাংশ বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে। জ্বৰ, কাহ, মধুমেহ, হৃদ ৰোগৰ সংক্ৰমণ, ৰক্তৰ সমস্যা, ছালৰ ৰোগ, ৰক্ত চাপ, কেন্সাৰ, ৰক্তহীনতা আদি ৰোগৰ ঔষধসমূহৰ দাম বৃদ্ধি কৰা হ’ব।
বিগত এপ্ৰিল মাহতো এই ঔষধসমূহৰ মূল্য ১০ শতাংশ বৃদ্ধি কৰা হৈছিল।