ভুৱা উপায়ুক্তৰ বেশেৰে Whatsapp যোগে ধন লুটাৰ চেষ্টা দুৰ্বৃত্তৰ

Share

নিউজ ডেস্ক, ২৩ আগষ্টঃধুবুৰী উপায়ুক্তৰ বেশেৰে Whatsapp যোগে ধন লুটাৰ চেষ্টা চলাইছিল কোনো দুষ্ট চক্ৰই ৷ কেইবাজনো অতিৰিক্ত উপায়ুক্ত তথা উপায়ুক্ত কাৰ্য্যালয়ৰ বহুকেইজন কৰ্মচাৰীক WhatsAppত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি সংঘটিত কৰিছিল এই কাৰ্য্য ৷আমাজন পে ই গিফ্ট কাৰ্ড কিনি দিয়াৰ বাবে পঠাইছিল মেছেজ ।

প্ৰতিটো গিফ্ট কাৰ্ডৰ মূল্য আছিল ১০ হেজাৰ টকা। ১১টাকৈ গিফ্ট কাৰ্ড কিনি দিয়াৰ মেছেজ প্ৰেৰণ কৰিছিল দুৰ্বৃত্তই । 

  উল্লেখ্য যে,উপায়ুক্তই এই খবৰ প্ৰাপ্ত হোৱাত
তৎক্ষণাত স্পষ্টীকৰণ কৰে যে এয়া দুষ্টচক্ৰৰ ধন লুটাৰ কৌশল। সকলোৱে যেন সাৱধানতা অৱলম্বন কৰে তাকেই আহ্বান জনাই জিলা উপায়ুক্ত গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *