দশম বাৰলৈ অসম আৰক্ষীক প্ৰদান ‘ৰাষ্ট্ৰপতি নিচান’

Share

নিউজ ডেস্ক , ১০ মেঃ আনুষ্ঠানিকভাৱে অসম আৰক্ষীক প্ৰদান কৰা হ’ল ‘ৰাষ্ট্ৰপতি নিচান’। দেশৰ শীৰ্ষ ১০ আৰক্ষী বাহিনীৰ ভিতৰত অসম আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে ‘ৰাষ্ট্ৰপতি নিচান’। ৰাষ্ট্ৰপতিৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিলে এই নিচান। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ কয় যে আজিৰে পৰা অসম পুলিচে আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিলে। ৰাষ্ট্ৰীয় একতাৰ বাবেও অসম আৰক্ষীয়ে সাহসেৰে যুঁজাৰ নজিৰ আছে। আলফা,এন এছ চি এন,এন ডি এফ বিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যুঁজি  সফলতা লাভ কৰিছে। আৰক্ষীৰ এনে  যুঁজৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা কনিষ্ঠবললৈকে সকলোকে ধন্যবাদ জনাই গৃহমন্ত্ৰী গৰাকীয়ে। লগতে অসমৰ ৰাইজকো তেওঁ ধন্যবাদ জনায় ।
             তেওঁ কয় যে, যোৱা ৬ বছৰত অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হৈ অসমত প্ৰৱেশ  কৰিব পৰা নাই। তেওঁ গৌৰৱেৰে কয় যে, অসমৰ ২৩ খন জিলাৰ পৰা AFSPA  প্ৰত্যাহাৰ কৰা হৈছে। এয়া অসম আৰক্ষীৰ বাবেই এক গৌৰৱৰ বিষয়। দেশৰ সফল আৰক্ষীৰ ভিতৰত অসম আৰক্ষী অন্যতম। শেষত তেওঁ কয় যে, ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো অসম আৰক্ষীত সোণালী আখৰেৰে লিখা হব। 

Leave a Reply

Your email address will not be published. Required fields are marked *