নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কিছু সময় পূৰ্বে তিনিদিনীয়া ভ্ৰমণসূচীৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈছে। ভাৰতীয় বায়ু সেনা বাহিনীৰ এখন বিশেষ বিমানত বিমান বন্দৰত অৱতৰণ কৰে দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আৰু তেওঁক বিমান বন্দৰত জনাইছে ৰাজ্যৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
বিমান বন্দৰৰ পৰা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিব।আবেলি ৰাষ্ট্ৰপতিয়ে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।কাইলৈ ৰাষ্ট্ৰপতি গৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু আবেলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ জীপ চাফাৰীৰ বাবে যাব।