আজি কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে

Share

আজি অসমত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয়টো দিন। পুৱাই মা কামাখ্যাৰ মন্দিৰলৈ গৈ আশীষ ল’লে ৰাষ্ট্ৰপতি গৰাকীয়ে। কামাখ্যা মন্দিৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু সাংসদ। ৰাষ্ট্ৰপতি গৰাকীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মা কামাখ্যা মন্দিৰত ইতিমধ্যেই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যা মন্দিৰ দৰ্শনৰ পাছতেই ৰাষ্ট্ৰপতি গৰাকীয়ে কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, ৰাষ্ট্ৰপতি গৰাকীয়ে কলাক্ষেত্ৰৰ পৰাই ১০০ খন বিদ্যালয়ৰ প্ৰতিকাত্মক আধাৰশিলা স্থাপন কৰিব। লগতে ৰাষ্ট্ৰপতি গৰাকীয়ে ৩ সহস্ৰাধিক অংগনবাদী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰো শুভাৰম্ভ কৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *