কাৰ্বি মহোৎসৱলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

Share

গুৱাহাটী,১১ ডিচেম্বৰঃ কাৰ্বি আংলঙলৈ আহি আছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।১২ জানুৱাৰী পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া কাৰ্বি মহো९সৱলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী।দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মু্খ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰপতিগৰাকীক আনুষ্ঠানিকভাৱে কাৰ্বি মহো९সৱলৈ আমন্ত্ৰণ জনায়।উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিগৰাকীক কাজিৰঙা ভ্ৰমণৰ সময়ছোৱাতে কাৰ্বি কালচাৰেল ছ’চাইটিয়ে কাৰ্বি যুৱ মহো९সৱলৈ আমন্ত্ৰণ জনাইছিল আৰু মহো९সৱত অহাৰ প্ৰতিশ্ৰুতি দিছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *