আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।

Share

 ৭৫ বছৰকীয়া হল গুৱাহাটী উচ্চ ন্যায়ালয়। ৫ এপ্ৰিলৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হৈছে হীৰক জয়ন্তী মহোৎসৱ। এই অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , ৰাজ্যৰ আইন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আদি বিশিষ্ট ব্যক্তিসকল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাক বিভাগে প্ৰথম দিনাই ছবি সন্নিবিষ্ট এক ডাক টিকতো মুকলি কৰি দিয়ে।

৬ এপ্ৰিল দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু সেইদিনাই  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ন্যায়ধীশ সকলক সম্বোৰ্ধনা জনোৱা হয়। ৭ এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই অনুষ্ঠানত ৪.৩০ বজাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে। সকলোবোৰ অনুষ্ঠানতে উপস্থিত আছে গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ সন্দীপ মেহতা।  

 ৮ এপ্ৰিলৰ দিনা প্ৰথম পৰ্যায়ত এই হীৰক জয়ন্তী অনুষ্ঠান অন্ত পৰিব যদিও এই অনুষ্ঠান আনুষ্ঠানিকভাৱে ১৪ এপ্ৰিলতহে সামৰণি পৰিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *