৬ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কাজিৰঙাত অনুষ্ঠিত হবলগীয় গজ মহোৎসৱ উপলক্ষে ভাগ ল’বলৈ অসমত উপস্থিত হ’ব ৰাষ্ট্ৰপতি গৰাকী। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি গৰাকীয়ে জীপ চাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই জনোৱা মতে অসমত ৬ আৰু ৭ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয় গজ মহোসৱত অংশ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকী। এই মহোৎসৱ কাজিৰঙাৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হ’ব যদিও বৰ্তমান সময়ত সেই স্থানসমূহ ঠিৰাং কৰা হোৱা নাই।
এই সন্দৰ্ভত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হ’ব। এই বৈঠকৰ পিছতহে সঠিক সিদ্ধান্ত গ্ৰহণ কৰি উক্ত স্থানসমূহ নিৰ্ধাৰণ কৰা হ’ব।