চালানী মাছত ফৰ্মেলডিহাইডৰ উপস্থিতিঃনগাঁও মহাবিদ্যালয়ৰ অধ্যয়নত তথ্য ফাদিল

Share

নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগত নগাঁৱৰ বজাৰত উপলব্ধ মাছক লৈ কৰা হৈছিল এটা অধ্যয়ন। পৰীক্ষাগাৰত জৈৱ নমুনা সংৰক্ষণৰ বাবে ব্যৱহৃত ফৰ্মেলডিহাইড এতিয়া ব্যৱহৃত হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা চালানী মাছত। প্ৰায় ৩ মাহজুৰি চলোৱা অধ্যয়নটোত সৰ্বাধিক ১৫ শতাংশ ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে।

বিভিন্ন জৈৱ পৰীক্ষাগাৰত উদ্ভিদ অথবা প্ৰাণীৰ নমুনা সংৰক্ষণৰ বাবে ফৰ্মেলডিহাইড ব্যৱহাৰ কৰা হয়,ফৰ্মেলডিহাইড যদি কিবা কাৰণত মানৱ দেহৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত মানুহজন আক্ৰান্ত হ’ব পাৰে। বিষাক্ত এই ফৰ্মেলডিহাইডক আকৌ চালানী মাছত প্ৰয়োগ কৰি বিক্ৰী কৰা হৈছে। ফৰ্মেলডিহাইডযুক্ত মাছ দীৰ্ঘদিন ধৰি ভক্ষণ কৰিলে মানুহৰ কৰ্কট  ৰোগ পৰ্যন্ত হ’ব পাৰে ।

মীন বিভাগৰ এক সূত্ৰৰ মতে,চালানী মাছ অথবা লোকেল মাছত ফৰ্মেলডিহাইড প্ৰয়োগ কৰাটো একেবাৰে নিষিদ্ধ। উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যয়নে দাবী কৰা মতে যদি কথাটো সঁচা হয়, তেন্তে সাধাৰণ ৰাইজৰ বাবে এয়া ভয়ানক খবৰ। এই ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ দাবী কৰিছে ৰাজ্যৰ সচেতন লোকসকলে। 

Leave a Reply

Your email address will not be published. Required fields are marked *