বিশাল কাৰ্যসূচীৰে দীপাৱলীৰ প্ৰস্তুতি চলিছে ৰাম জন্মভূমি অযোধ্যাত

Share

ৰাম জন্মভূমি অযোধ্যাত পোহৰৰ উৎসৱ দীপাৱলীৰ আয়োজনৰ বাবে চলিছে বিশাল প্ৰস্তুতি।৩ দিনীয়াকৈ দীপোৎসৱৰ আয়োজন কৰা হৈছে ৰামনগৰীত।২৮ অক্টোবৰৰ পৰাই আৰম্ভ হৈছে সাংস্কৃতিক অনুষ্ঠান। সৰযু ঘাটৰ পৰা মঠ-মন্দিৰলৈকে অযোধ্যাৰ সমগ্ৰ অঞ্চল চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছে।ৰাম কি পেইড়িৰ ৫৫ ঘাটত ২৮ লাখ চাকি সাজু কৰি তুলিছে অযোধ্যাবাসীয়ে।ইতিমধ্যে প্ৰতিটো পথ আৰু পদপথ পৰিষ্কাৰ কৰা হৈছে। ৰামপথ ফুলেৰে সজাই তুলিছে। মেয়ৰ গিৰীশ পতি ত্ৰিপাঠীয়ে কয়, “দীপোৎসৱৰ প্ৰস্তুতি চলি আছে । সমগ্ৰ অযোধ্যা ৰঙীন পোহৰেৰে আলোকিত কৰা হৈছে । এইবাৰ পৌৰ নিগমে গোটেই ৰাম পথটো ফুলেৰে সজাইছে ।আমি কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টি কৰাৰ সংকল্পৰ সৈতে কাম কৰি আছো।”

উল্লেখ্য যে প্ৰতি বছৰে ৰামনগৰীত উলহ মালহেৰে দীপোৎসৱ পালন কৰা হয় । লাখ লাখ চাকি জ্বলাই অভিলেখ সৃষ্টি কৰা হয় । এইবাৰো দীপোৎসৱৰ অষ্টম বৰ্ষত ২৮ লাখ চাকি জ্বলাই এক নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সাজু হৈছে অযোধ্যা।অৱধ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয় আৰু আন্তঃমহাবিদ্যালয়ৰ ৩০ হাজাৰ স্বেচ্ছাসেৱকে প্ৰখৰ ৰ’দকো নেওচি চাকিবোৰ সাজু কৰাৰ কামত নিয়োজিত হৈ আছে । ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে।ইতিমধ্যে ৰাম কি পেইড়িত চাকি সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *