হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু অসমবাসী

Share

অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।
বাপতিসাহোন ৰঙালীক আদৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী।উজনিৰ পৰা নামনিলৈকে ঋতুৰাণী বসন্তক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ঢোল,পেঁপাৰ গুমগুমনিয়ে মুখৰ হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।জেতুকাৰে দুই হাত বুলাই ঢোল,পেঁপাৰ চেৱে চেৱে কঁকাল ভাঙিবলৈ সাজু হৈছে নাচনি।চেনাইলৈ বুলি চেনেহেৰে তাঁতশালত উঘা,মাঁকো,চেৰেকী লৈ বিহুৱান বোৱাত ব্যস্ত জীয়ৰীহঁত,সমান্তৰালভাৱে ঢেকীত পিঠাগুৰী খুন্দি পিঠা-পনা বনাবলৈ সাজু হৈছে গৃহিনীসকল।প্ৰকৃতিয়েও সলাইছে ন ৰূপ,বৰদৈচিলাই লৈ আহিছে বসন্তৰ বতৰা,ধৰাৰ বুকুলৈ বৈ অহা বৰষুণজাকে চ’ততে আনিছে বহাগৰ বতৰা।

 সেয়ে কয়-   “বহাগ মাথো এটি ঋতু নহয়

                     নহয় বহাগ এটি মাহ

                     অসমীয়া জাতিৰ

                      ই আয়ুস ৰেখা

                      গণ জীৱনৰ ই সাহ”

কান্ধত ঢোলটি লৈ,হাতত জেতুকা বুলাই ঢুলীয়া নাচনিসকলৰ মাজতো বিশেষ উৎসুকতা দেখিবলৈ পোৱা গৈছে।আনফালে ব্যস্ততা বাহিছে ঢোল,পেঁপা,গগনা সজোৱা নিৰ্মাতাসকলৰ মাজত।অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বিহুটিক উপভোগ কৰাৰ উদ্দেশ্যেই বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে ডেকা -গাভৰুহঁত।ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। মহানগৰীৰ ভিন্ন প্ৰান্তত বহাগীক আদৰাত ব্যস্ত হৈ পৰিছে মহানগৰবাসী।মহানগৰীৰ বিভিন্ন প্ৰান্তৰ খেল পথাৰসমূহতো চলিছে বিহুৰ কৰ্মশালা।প্ৰশিক্ষক,প্ৰশিক্ষিকাৰ দ্বাৰা কিশোৰ কিশোৰীসকলক বিহুৰ আখৰা শিকোৱা পৰিলক্ষিত হৈছে।তুংগত উঠিছে বিহুৰ আখৰাসমূহ।এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত হেঁপাহৰ বিহুটিক আদৰিবলৈ ব্যপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে।   

Leave a Reply

Your email address will not be published. Required fields are marked *