সাংবাদিক গৌতম শৰ্মালৈ প্ৰণৱ সিংহ স্মাৰক বঁটা

Share

অসমৰ সংবাদ জগতত প্ৰায় ৩০ বছৰে সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাক প্ৰদান কৰা হৈছে  প্ৰণৱ সিংহ স্মাৰক বঁটা ।সোমবাৰে তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে জ্যেষ্ঠ সাংবাদিকগৰাকীক প্ৰদান কৰে এই বঁটা ।তেজপুৰৰ সংবাদ জগতখনৰ মহীৰুহ প্ৰণৱ সিংহৰ স্মৃতিত প্ৰত্যেক বছৰে তেজপুৰৰ জাৰ্ণেলিষ্ট ইউনিয়নে এই বঁটা আগবঢ়াই আহিছে।

উল্লেখ্য যে , ১৯৬৪ চনত তেজপুৰৰ পৰা প্ৰকাশিত মহাজাতি,বাতৰি কাকতৰ জৰিয়তে এগৰাকী নিৰ্ভীক সাংবাদিক হিচাপে পৰিচিত লাভ কৰি পৰৰ্ৱতী সময়ত দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হোৱা প্ৰণৱ সিংহৰ মৃত্যু হৈছিল ২০১৪ চনত।তেজপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ বাবে সংবাদ জগতত বিশেষ বৰঙণি আগবঢ়াই অহা ৰাজ্যৰ প্ৰত্যেকগৰাকী বিশিষ্ট সাংবাদিকক প্ৰদান কৰি অহা হৈছে এই স্মাৰক বঁটা । 

চলিত বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ৰাজ্যৰ এগৰাকী জ্যে্ষ্ঠ সাংবাদিক তথা শিল্পী গৌতম শৰ্মাক।এই বঁটাত আছে এখন প্ৰশস্তুি পত্ৰ, গামোচা -চেলেং , জাপি আৰু নগদ ধন । উল্লেখ্যযোগ্য যে , বিশিষ্ট সাংবাদিক গৌতম শৰ্মাক এই বঁটা প্ৰদান কৰে তেজপুুৰৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ বিষয়ববীয়া সকলে ।

এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ স্বম্ভুনাথ সিং , বিধায়ক পৃথ্বীৰাজ ৰাভা , না্ট্যকাৰ ঐশ্বৰ্য কাকতিকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি সকল। 

Leave a Reply

Your email address will not be published. Required fields are marked *