তদন্ত হব কোকৰাঝাৰ এনকাউন্টৰঃ প্ৰমোদ বড়ো

Share

লোনা সন্দিকৈ ২১ ছেপ্তেম্ৱৰঃকিছুদিন পূর্বে কোকৰাঝাৰ জিলাৰ উন্টাপানীত কোকৰাঝাৰ আৰক্ষীৰ গুলীত মৃত্যুক আঁকোৱালি লৈ দুজন যুৱকে।এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোকৰাঝাৰত।

শেহতীয়াকৈ সোমবাৰে কোকৰাঝাৰৰ বড়োফা নগৰস্থিত বিটিআৰ সচিবালয়ত সাংবাদিকৰ আগত এই ঘটনাক লৈ প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে উক্ত ঘটনাক কেন্দ্ৰ কৰি মূখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় বি টি আৰৰ আৰু কোনো এজন ব্যক্তিক ভুৱা সংঘৰ্ষ বা বিনা কাৰণত মৃত্যু হোৱাতো গ্ৰহণ কৰা নহব।বড়োলেণ্ডত এই ঘটনা আজিৰ নহয়,দশক ধৰি এনে ঘটনা সংঘটিত হৈ আছে।এই ঘটনা তদন্ত হব। ইয়াৰ লগতে তেওঁ অস্ত্ৰ হাতত তুলি লোৱা সকলকো অস্ত্ৰ সম্বৰণ কৰি বি টি আৰ ৰ শান্তি বজায় ৰাখিবলৈ আহ্বান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *