জোলোঙাৰ মেকুৰী ওলাল, সুবিধাবাদী প্ৰদীপ হাজৰিকাৰ অচল ৰূপ। পুনৰ হাতীৰ পিঠিত উঠাৰ ইংগিত প্ৰদীপ হাজৰিকাৰ। স্বাৰ্থসিদ্ধিৰ বাবে দলীয় সভাত দেখা গ’ল প্ৰদীপ হাজৰিকাক।
নিৰ্লজ্ব, সুবিধাবাদী, স্বাৰ্থপৰ প্ৰদীপ হাজৰিকাই সমষ্টিবাসীক কৰিলে প্ৰতাৰণা। আমগুৰি সমষ্টিৰ বাবে থকা আৱেগ ক্ষন্তেকতে ধূলিচা९ কৰিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত কৰ্তন হোৱা আমগুৰি সমষ্টিৰ বাবে সমষ্টিবাসীৰ প্ৰতিবাদ আৰু আইনী ৰোষত পৰাৰ ভয়ত প্ৰদীপ হাজৰিকাই পদত্যাগৰ ভেঁকোভাওনা কৰিছিল। পিচে আজি গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত মঞ্চ শুৱনি কৰে একে দলৰে মন্ত্ৰী কেশৱ মহন্তৰ সৈতে। ইয়াতেই ওলাল উৰহী গছৰ ওৰ। আমগুৰিবাসীক শান্তনা দিয়া প্ৰদীপ হাজৰিকাই পুনৰ হাতীৰ পিঠিত উঠাৰ ইংগিত দিছে।দলীয় বিষয়বাবৰ পৰা পদত্যাগ কৰা প্ৰদীপ হাজৰিকাৰ আৱেগ ১০ দিনতে সলনি হ’ল।সমষ্টিবাসীৰ আশা পুৰণ কৰিব নোৱৰা প্ৰদীপ হাজৰিকাই দলৰ সাধাৰণ সম্পাদক আৰু কাৰ্যনিৰ্বাহক পদ এৰাৰ ভেঁকোভাওনা কৰি যেন একপ্ৰকাৰৰ ৰাজনৈতিক স্বাৰ্থৰ খেল খেলিলে সেয়া স্পষ্ট। সমষ্টি কৰ্তনৰ পিছত এইবাৰ প্ৰদীপ হাজৰিকা সাজু হৈছে নেকি নাজিৰা বা শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ।দলৰ পদত্যাগ গ্ৰহণ নকৰা স্বাৰ্থপৰ প্ৰদীপ হাজৰিকাই সমষ্টিবাসীৰ আগত কেনেকৈ মুখ দেখুৱাব, নে এইজন সুবিধাবাদীক সমষ্টিবাসীয়ে পুনৰ দিছপুৰলৈ পঠিয়াব! নে সময়ত উচিত প্ৰত্ত্যুতৰ দিব সেয়া চাবলৈ অহা নিৰ্বাচনলৈ অপেক্ষা কৰিব লাগিব।