স্নাতকোত্তৰ ছাত্ৰীয়ে বছৰত লাভ কৰিব ১০,০০০ টকাকৈ

Share
স্নাতকোত্তৰ শ্ৰেণীত  অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰী লৈ শিক্ষানুস্থান অহা যোৱাৰ বাবদ চৰকাৰে প্ৰদান কৰিব প্ৰতি মাহে ১০০০ টকাকৈ ৷ খানাপাৰাত  ছাত্ৰ ছাত্ৰীক স্কুটি বিতৰণ অনুস্থানত  এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
বছৰত যিহেতু ১০ মাহ পাঠদান চলে , সেয়েহে মাহে এহেজাৰ টকাকৈ মুঠ ১০,০০০  টকাকৈ ছাত্ৰীৰ বেংক একাউন্টত জমা কৰা  হব ৷ ইয়াৰ কাৰণে অসম শিক্ষা বিভাগে মুকলি  কৰি দিব এটা পৰ্টেল আৰু সেই পৰ্টেল টোতেই ছাত্ৰী সকলে নিজৰ ঠিকনাৰে আবেদন কৰিব পাৰিব ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টীকৰণ দিছে যে চৰকাৰী বা ব্যক্তিগত যি বিশ্ববিদ্যালয়তে নহওক প্ৰতিগৰাকী ছাত্ৰীয়ে এই ধনৰ বাবে আবেদন কৰিব পাৰিব ৷ পিতৃ-মাতৃক কিছু সকাহ দিয়াৰ বাবে লোৱা  হৈছে  এই সিদ্বান্ত ৷ অসমৰ চাৰিসীমাত থকা সকলো স্নাতকোত্তৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব ৷
এই আঁচনিত ছাত্ৰসকলক অন্তভুৰ্ক্ত কৰাৰ লগতে স্নাতক পৰ্যায়তো এই খৰচ প্ৰদানৰ সিদ্বান্ত লৱ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *