ভাৰতীয় গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পাছতে পদত্যাগ পৰ্টুগালৰ স্বাস্থ্যমন্ত্ৰীৰ

Share
ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় গৰ্ভৱতী মহিলাৰ মৃত্যুৰ পিছত মঙলবাৰে পতুৰ্গালৰ স্বাস্থ্য মন্ত্ৰী মাৰ্টা টেমিডোৱে  পদত্যাগ কৰে। কিয়নো গৰ্ভৱতী মহিলা গৰাকীৰ মৃত্যুৰ ব্যাপক সমালোচনাৰ পিছতে পদত্যাগৰ কথা ঘোষনা কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। খবৰ অনুসৰি, ভাৰতীয় গৰ্ভৱতী মহিলা পৰ্যটক লিছবানৰ এখন হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসালয় খনত বিচনা খালী নোহোৱাৰ বাবে তাত ভৰ্তি নকৰালে হাস্পতাল  কৰ্তৃপক্ষই।
তাৰ পাছতেই মহিলা গৰাকীক অন্য এখন  হাস্পাতালৈ স্থানান্তৰ কৰা হৈছিল যদিও সেই সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে মহিলা গৰাকী। অৱশ্যে তাৰ পূৰ্বে মহিলা গৰাকীৰ এটি সন্তান জন্ম হয়। এই ঘটনাৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াক লৈ তীব্ৰ সমালোচনা সৃষ্টি হয় লগতে বহুতেই পৰ্টুগাল চৰকাৰৰ সমালোচনাও কৰে। তাৰ পাছতেই পদত্যাগ কৰে স্বাস্থ্য মন্ত্ৰীয়ে গৰাকীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *