আজি সংসদত উত্থাপিত হব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক,চাৰিজন সাংসদে উত্থাপন কৰিব এই বিল

Share

ডিজিটেল ডেস্কঃ আজি সংসদৰ গ্ৰীষ্মকালীন অধিবৱেশনত উত্থাপন কৰা হব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক।কিয়নো দেশৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি সংসদত উত্থাপিত কৰা হব জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক।গোৰখপুৰৰ বিজেপি সাংসদ ৰবি কিষাণে উত্থাপন কৰিব এই বিধেয়কখন।ৰবি কিষাণসহ ৪ গৰাকী সাংসদে দিছে বিধেয়ক উত্থাপনৰ জাননী।সাংসদ, সুশীল কুমাৰ সিং,বিষ্ণু  দয়াল ৰাম আৰু ড০ আলোক কুমাৰে দিছে বিধেয়ক উত্থাপনৰ জাননী। অনিয়ন্ত্ৰিত জনসংখ্যা ৰোধৰ উদ্দেশ্যে সংসদত উত্থাপন কৰা হব এই বিধেয়কখন।জনসাধাণৰ হিতৰ বাবে এই কঠোৰ আইনৰ পোষকতা কৰিছে সাংসদ ৰবি কিষাণে।অৱশ্যে ৰবি কিষাণে উত্থাপন কৰা বিধেয়কক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক চৰ্চা।

Leave a Reply

Your email address will not be published. Required fields are marked *