জনবিস্ফোৰণ : ভৱিষ্যত প্ৰজন্মৰ বাবে এক বৃহৎ ভাবুকি

Share

সম্প্ৰতি জনসংখ্যা বৃদ্ধি বা জনবিষ্ফোৰণ এটা গোলকীয় সমস্যাত পৰিণত হোৱা দেখা গৈছে। সমগ্ৰ বিশ্বৰ বাবে ই এটা প্ৰধান ভাবুকি স্বৰূপে সমগ্ৰ অৰ্থনৈতিক ক্ষেত্ৰখনত এক বৃহৎ দেৱালৰূপে থিয় দিছে। বহু বছৰৰ পূৰ্বেই প্রখ্যাত অর্থবিজ্ঞানী মালথাছে কৈছিল যে খাদ্য উৎপাদন আৰু জন্ম হাৰৰ মাজত এক প্রতিযোগিতা থাকে৷ খাদ্যৰ উৎপাদন যি হাৰত বৃদ্ধি পায় তাতকৈ অধিক হাৰত বৃদ্ধি পায় জন্মহাৰ৷ গতিকে এদিন এনেকুৱা এটা সময় আহিব খাদ্যৰ পৰিমাণতকৈ মানুহৰ পৰিমাণ অধিক হ’ব। বিজ্ঞানসন্মত পদ্ধতি প্ৰয়োগ কৰি খাদ্যশস্যৰ পৰিমাণ বঢ়াব পাৰিলেওঁ জনবিস্ফোৰণৰ ফলত হোৱা প্ৰদূষণ, দৰিদ্ৰতা, নিবনুৱা সমস্যা ,ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব নোৱাৰে। গতিকে খাদ্যশস্যৰ পৰিমাণ বঢ়ালেই এই সমস্যাবোৰৰ অন্ত পেলাব পৰা নাযায়।

১১ জুলাই, ১৯৮৭ । সমগ্ৰ বিশ্বতে এই দিনটোতে কিছু নতুন চিন্তা, নতুন পৰিস্থিতিৰ আৰম্ভণি হৈছিল। “পাঁচ বিলিয়নৰ দিন” ৰূপে জনাজাত এই দিনটোতে চৰকাৰীভাৱে, লিপিবদ্ধ তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যাই চুইছিল পাঁচ বিলিয়নৰ সীমা। জনস্ংখ্যাৰ এই বৰ্ধিত মাত্ৰাই স্বাভাৱিকতে  বিশ্বৰ বিজ্ঞানী, অৰ্থনীতিবিদ, সমাজবিজ্ঞানী সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ দুবছৰৰ পিছত, ১৯৮৯ চনৰ ১১ জুলাইৰ পৰা ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক কাৰ্য্যসূচীৰ (United Nation’s Development Program) ৰ পৃষ্ঠপোষকতাত সমগ্ৰ বিশ্বতে এই দিনটো পৃথিৱীৰ জনসংখ্যা তথা ইয়াৰ স’তে জড়িত বিষয়ত সজাগতা সৃষ্টিৰ বাবে “বিশ্ব জনসংখ্যা দিৱস” হিচাপে পালন কৰিবলৈ লোৱা হয়। এই উদ্দেশ্যৰেই প্ৰত্যেক বছৰে জনস্ংখ্যা সম্পৰ্কীয় একোটা মুল বিষয়ক এই দিৱসৰ কেন্দ্ৰীয় বিষয় হিচাপে লোৱা হয়।

বিগত কেইবাবছৰ ধৰি অসমতো জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে। বাংলাদেশৰ পৰা দশক দশক ধৰি চলি থকা অনুপ্রৱেশ আৰু মুছলমানৰ জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিয়ে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক শংকিত কৰা পৰিলক্ষিত হৈছে।ৰাজ্যৰ সামূহিক বিকাশৰ ক্ষেত্রতো আহি পৰিছে ভয়াৱহ প্রত্যাহ্বান৷ দেশে স্বাধীনতা লাভ কৰাৰ বিগত ৭টা দশকত অসন্তুলিত এনে জনবিস্ফোৰণ প্রতিৰোধ কৰাৰ বাবে কোনো এখন চৰকাৰ অথবা প্রধান ৰাজনৈতিক দলে পদক্ষেপ গ্রহণ কৰা নাই৷ মুছলমানসকলৰ বহু বিবাহ আৰু বৰ্ধিত হাৰত সন্তান জন্ম দিয়াৰ প্ৰৱণতাই ভৱিষ্যতে যে থলুৱা লোকসকলক ক্ষতিগ্ৰস্ত কৰিব ইয়াত অলপো সন্দেহ নাই । উল্লেখযোগ্য যে ২০১৯–২০ত সর্বভাৰতীয় পর্যায়ত প্রজননৰ হাৰ আছিল ১.৯৷ ইয়াৰে অসমত হিন্দুৰ মুঠ প্রজননৰ হাৰ ১.৬ৰ বিপৰীতে মুছলমানৰ প্রজননৰ হাৰ ২.৪৷ ২০২০–২১ত অসমত হিন্দুৰ প্রজনন ১.৮ আছিল যদিও মুছলমানৰ প্রজনন ২.৯লৈ বৃদ্ধি হৈছে৷ শতাংশ হিচাপত ২০১৯–২০ত অসমত হিন্দুতকৈ মুছলমানৰ প্রজননৰ হাৰ ৫০ শতাংশ, ২০২০–২১ত ৬১.১ শতাংশলৈ বৃদ্ধি হৈছে৷ এনেদৰে জনসংখ্যা বৃদ্ধিয়ে ভৱিষ্যতে খাদ্য সংকটৰ লগতে আমাৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে আদি কৰি নানাবিধ সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাব আৰু ইয়ে বায়ুমণ্ডলৰ উষ্ণতা পূৰ্বৰ তুলনাত বৃদ্ধি কৰিব বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ লগে লগে সমগ্ৰ পৃথিৱীৰ জলবায়ুলৈও অভাৱনীয় পৰিৱৰ্তন আহিব বুলি শংকা কৰা হৈছে। শেহতীয়াকৈ আমাৰ দেশৰ মৌচুমী জলবায়ুত দেখা পোৱা খেলিমেলি এনে বৃহৎ জলবায়ৱিক পৰিৱৰ্তনৰে পৰিণাম বুলিও বিজ্ঞানীসকলে চৰ্চা কৰিছে। অন্যহাতে জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উত্তাপনৰ ফলত হোৱা সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, হিমবাহ গলন, জলসংকট, কৃষিৰ উৎপাদন হ্ৰাস, জীৱবৈচিত্ৰ্যৰ বিলুপ্তি, ন ন ৰোগৰ প্ৰাদূৰ্ভাৱ আদিৰ জৰিয়তে পুনৰাই মানৱসমাজলৈকে যে সংকট নামি আহিব, সেই কথাও এই প্ৰসংগতে উল্লেখ কৰি থ’ব পাৰি।
উপৰোক্ত আলোচনাৰ পৰা প্ৰতীয়মান হয় যে আমি এক অন্ধকাৰ পৃথিৱীলৈ‌ গমন কৰি আছো। জোৰ পুৰি হাত পালেহি। এই বৃহৎ সমস্যাবোৰৰ বিষয়ে কেন্দ্ৰীয় মজিয়াত আলোচনা কৰি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন গৃহীত কৰিব লাগে। য’ত এটাতকৈ অধিক সন্তান, বাল্য বিবাহ, বহু বিবাহ, দ্বিতীয় বিবাহক সম্পূৰ্ণৰূপে বাধা প্ৰদান কৰা হয়। দাৰিদ্য আৰু অনগ্ৰসৰতা পীড়িত এখন দেশৰ বাবে এই বিপুল সংখ্যক লোক সম্পদ কেতিয়াও হ’ব নোৱাৰে। এনে জনবিস্ফোৰণ প্ৰতিখন দেশৰ বাবে প্ৰকৃতিৰ বাবে, থলুৱা লোক তথা ভৱিষ্যত প্ৰজন্মৰ বাবে বিপদস্বৰূপ।

হিৰুমণি শৰ্মা। (জনসংখ্যা দিৱস উপলক্ষে লেখা)

Leave a Reply

Your email address will not be published. Required fields are marked *