জনপ্ৰিয় অভিনেতা সতীশ কৌশিকৰ দেহাৱসান

Share

জনপ্ৰিয় অভিনেতা সতীশ কৌশিক আৰু নাই । ৬৬ বছৰ বয়সত শ্বাস -প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা-পৰিচালক গৰাকীয়ে ।মাত্ৰ এদিন আগতে অভিনেতাগৰাকীয়ে হোলী উপলক্ষে  ৰঙীণ সাজ -পোছাক পিন্ধিছিল আৰু ৭ মাৰ্চত  জুহুৰ জাংকি কটেজত বলীউডৰ অন্যান্য তাৰকাৰ সৈতে পাৰ্টি কৰিছিল লগতে তেওঁ ছচিয়েল মিডিয়াত নিজৰ ফটো আপলোড কৰা দেখা গৈছিল ।এই পাৰ্টিত উপস্থিত আছিল জাভেদ আখতাৰ ,মহিমা চৌধুৰী ,শ্বাবানা আজমী ,ৰিচা চাধা, আলী ফজল আদি বহু  তাৰকা ।কিন্ত নিয়তিৰ বিধানেই যেন সত্যত পৰিণত হল এটা নিশাৰ পিছতেই অৰ্থাৎ ৮ মাৰ্চৰ পুৱাই  তেওঁ দেশবাসীক কন্দোৱাই  ইহলীলা সম্বৰণ কৰে  আৰু এই দুখৰ খবৰটো ৮ মাৰ্চৰ পুৱাই  সামাজিক মাধ্যমত শ্বেয়াৰ কৰে  অভিনেতা অনুপম খেৰে।ইয়াৰ উপৰিও প্ৰিয় অভিনেতাগৰাকীয়ে লিখিছে , মই জানো এই পূথিৱীত মূত্যু একমাত্ৰ সত্য।কিন্ত তেওঁ কেতিয়াওঁ ভবা নাছিল যে তেওঁ জীয়াই থাকোঁতে প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিব । ৪৫ বছৰীয়া বন্ধুত্বৰ অন্ত পৰিল ।সতীশ ,তোমাৰ অবিহনে জীৱন কেতিয়াওঁ আগৰ দৰে নাথাকিব । ওম শান্তি ।তেখেতৰ বিয়োগত সমগ্ৰ দেশবাসীয়ে এতিয়া শোঁকত ভাগি পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *