গুৱাহাটী, ১৩ ডিচেম্বৰঃ দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা দুদিন পূৰ্বে অভিনেতাগৰাকীক চিকি९সালয়ত ভৰ্তি কৰা হৈছিল ।গুৱাহাটী চিকি९সা মহাবিদ্যালয়ত চিকি९সাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস । যোৱাকালি অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লবলৈ চিকি९সালয়ত উপস্থিত হয় কেশৱ মহন্ত ।
মন্ত্ৰীগৰাকীয়ে অভিনেতা জনক সাক্ষা९ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় । চিকি९সা সন্দৰ্ভত তদাৰক কৰি থকা চিকি९সকৰ সৈতে আলোচনা কৰে ।আলোচনাৰ অন্তত মন্ত্ৰী মহন্তই সকলো ধৰণৰ প্ৰয়োজনীয় জৰুৰী চিকি९সা সেৱা উপলদ্ধ কৰিবলৈ চিকি९সকক দিহা দিয়ে । অভিনেতাগৰাকীৰ সকলো চিকি९সা ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি সাংষ্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই মন্তব্য কৰিছে ।