মহাসংকটত ৰাজস্থানৰ ৰাজনীতি ! ৯২ গৰাকী বিধায়কে কৰিলে পদত্যাগ

Share

চৰ্চাত এতিয়া ৰাজস্থানৰ ৰাজনীতি । মহাৰাষ্ট্ৰ , বিহাৰৰ পাছতে এইবাৰ মহাসংকটত ৰাজস্থানৰ ৰাজনীতি।ৰাজস্থানৰ ৰাজনৈতিক সংকটে লৈছে এতিয়া নতুন মোৰ । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সমৰ্থনত থকা ৯২ জন কংগ্ৰেছ বিধায়কে ইতিমধ্যে কৰিলে পদত্যাগ। এই ৯২ জন বিধায়কে ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষ চি পি যোশীৰ ওচৰলৈ গৈ দাখিল কৰিলে পদত্যাগ পত্ৰ।তদুপৰি , চি পি যোশীক ৰাজ্যখনৰ শাসনভাৰ চম্ভালি ল’বলৈও অনুৰোধ জনায় ৯২ জন বিধায়কে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ কংগ্ৰেছ দলৰ মাজত চলি আছে ব্যাপক জল্পনা-কল্পনা।কোন হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী?ব্যাপক জল্পনা-কল্পনা অনুসৰি সকলোৰে ধাৰণা শচীন পাইলটেই হ’ব ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী। ৰাজনীতিৰ নতুন মোৰ লোৱা এই সমগ্ৰ বিষয়টোক লৈ অতি সোনকালে কংগ্ৰেছ দলৰ বিধায়কসকলৰ সৈতে হ’ব বৈঠক। এনে মহাসংকটৰ সমাধানৰ সূত্ৰে ছোনিয়া গান্ধীয়ে বিধায়কসকলৰ সৈতে আলোচলাৰ বাবে ৰাজস্থানলৈ প্ৰেৰণ কৰিছে আজয় মাকেন আৰু মল্লিকাৰ্জুন খাৰ্গেক।

Leave a Reply

Your email address will not be published. Required fields are marked *